উচ্চ ৰক্তচাপ আৰু বায়ু প্ৰদূষণৰ লগত ইয়াৰ সম্পৰ্ক

বেঙ্গালুৰু
6 Oct 2019
উচ্চ ৰক্তচাপ আৰু বায়ু প্ৰদূষণৰ লগত ইয়াৰ সম্পৰ্ক

আপুনি জানেনে যে পৃথিৱীত মানুহৰ মৃত্যুৰ মুখ্য কাৰণ যুদ্ধ বা দুৰ্ভিক্ষ নহয়, হৃদৰোগ সমূহহে। এই ঘাটক সমূহৰ কাৰক বোৰৰ বিষয়ে এতিয়াও সম্পূৰ্ণকৈ জনা হোৱা নাই। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ সমূহ হৈছে জিনীয় কাৰক, জীৱন শৈলীৰ পৰিবৰ্তন, খাদ্য, আৰু পাৰিবেশিক কাৰণ যেনে বায়ু প্ৰদূষণ ইত্যাদি। যোৱা কিছু বছৰত উচ্চ ৰক্তচাপ আদি  হৃদৰোগৰ কাৰকৰ ভূক্তভোগীৰ সংখ্যা বাঢ়িছে। দুখীয়া আৰু মধ্যবিত্ত দেশৰ লোক সমূহে ইয়াৰ ফলত বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। ২০১৫ চনত উচ্চ ৰক্তচাপত ভূগি থকা ১.১ বিলিয়ন প্ৰাপ্ত বয়স্ক লোকৰ প্ৰায় ৪৪% দক্ষিণ আৰু পূৱ এছিয়াৰ আৰু ১৮% ভাৰতৰ বাসিন্দা আছিল।

পূৰ্বতে হোৱা অধ্যয়নত বায়ুত থকা ক্ষুদ্ৰ বস্তুকণাৰ প্ৰভাৱ আৰু উচ্চ ৰক্তচাপৰ মাজত এক ধনাত্মক যোগসূত্ৰ থকা বুলি প্ৰমাণিত হৈছিল। অৱশ্যে এই অধ্যয়নসমূহ ধনী দেশ সমূহতে সীমাবদ্ধ হৈ আছিল আৰু ইয়াৰ ফলাফল সমূহৰ পৰা ভাৰত আৰু অন্যান্য দুখীয়া আৰু মধ্যবিত্ত দেশৰ পৰিস্থিতিৰ অনুমান কৰাতো সহজ নহয়। ধনী দেশ সমূহৰ তুলনাত এই দেশ সমূহত জিন, জীৱন শৈলী, আৰু পৰিবেশ ইত্যাদিৰো যথেষ্ট পাৰ্থক্য আছে। এপিডেমিওল’জী নামৰ পত্ৰিকা এখনত প্ৰকাশিত এক শেহতীয়া অধ্যয়নত গৱেষক সকলে  ভাৰতৰ এখন  চহৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ বায়ুত দীঘলীয়া সময়লৈ বস্তুকণাৰ  প্ৰদূষণৰ উপস্থিতি আৰু ইয়াৰ প্ৰাপ্ত বয়স্ক লোকৰ মাজত  উচ্চ ৰক্তচাপৰ প্ৰাদূৰ্ভাৱৰ মাজৰ সম্পৰ্কৰ এক ছবি দাঙি ধৰিছে।

“দুখীয়া আৰু মধ্যবিত্ত দেশ সমূহত মহিলা সকলে বাহিৰৰ বায়ু প্ৰদূষণৰ লগতে ৰন্ধন কাৰ্য্যত ব্যৱহৃত খৰি আদি ইন্ধনৰ ফলত হোৱা প্ৰদূষণৰ দ্বাৰাও ক্ষতিগ্ৰস্ত হয়। আমি এক নতুন পদ্ধতি ব্যৱহাৰ কৰি এই বিষয়ে অধ্যয়ন কৰিছিলোঁ”, মুখ্য গৱেষক ডঃ কেথৰীন টোনে কয়।

এই অধ্যয়নটো, অন্ধ্ৰপ্ৰদেশত বায়ু প্ৰদূষণৰ হৃদৰোগৰ ওপৰত প্ৰভাৱ (চি এইচ এ আই)  প্ৰজেক্টৰ এক অংশ আছিল। ইয়াত হায়দৰাবাদৰ আশে পাশে থকা ২৮ খন গাওৰ ৫,৫৩১ জন লোকৰ পৰীক্ষা কৰা হৈছিল। গৱেষণাটোত অন্তৰ্ভুক্ত কৰা এই লোকসকলৰ জীৱন শৈলী, আৰ্থ-সামাজিক অৱস্থা আৰু ৰন্ধন কাৰ্য্যত ব্যৱহৃত ইন্ধন ইত্যাদিৰ বিষয়ে সমীক্ষা কৰা হৈছিল। তাৰ পিছত তেওঁলোকৰ ৰক্তচাপ (চিষ্ট’লিক আৰু ডায়াষ্ট’লিক) আৰু তেওঁলোক কিমান বেছি ক্ষুদ্ৰ বস্তুকণাৰ (পিএম২.৫) সম্পৰ্কত আছে সেয়া অধ্যয়ন কৰা হৈছিল।

অধ্যয়নটোত পোৱা গৈছিল যে হায়দৰাবাদৰ কাষৰীয়া অঞ্চলত পিএম২.৫ ৰ মাত্ৰা হৈছে ৩৩ মাইক্ৰ’গ্ৰাম/ঘনমিটাৰ। এই মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা নিৰ্ধাৰিত সীমা ১০ মাইক্ৰ’গ্ৰাম/ঘনমিটাৰতকৈ বহু বেছি। ফলাফল সমূহত দেখা গৈছিল যে এই মানত ১ মাইক্ৰ’গ্ৰাম/ঘনমিটাৰৰ বৃদ্ধিয়েও মহিলা সকলৰ মাজত চিষ্ট’লিক ৰক্তচাপৰ হাৰ  উল্লেখনীয় ভাৱে বৃদ্ধি কৰে।

“এই বৃদ্ধি মহিলা সকলৰ বয়সত তিনি বছৰৰ বৃদ্ধিৰ ফলত হোৱা সলনিৰ সমকক্ষ”, ডঃ টোনে কয়।

পূৰ্বৰ অধ্যয়নত এই কথা স্পষ্ট হৈছিল যে খৰি জাতীয় ইন্ধনেৰে ৰন্ধা বঢ়া কৰা মহিলা সকলৰ মাজত ৰক্তচাপৰ হাৰ অধিক হয়। অৱশ্যে এই অধ্যয়নত ইয়াৰ নিশ্চিত প্ৰমাণ পোৱা নগ’ল। এই অধ্যয়নৰ মতে বাহিৰৰ বায়ু প্ৰদূষণৰ প্ৰভাৱ ঘৰৰ ভিতৰত হোৱা প্ৰদূষণৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল নহয়।

পুৰুষৰ ক্ষেত্ৰত ৰক্তচাপ আৰু ক্ষুদ্ৰ বস্তুকণাৰ মাজৰ সম্পৰ্ক দূৰ্বল যেন পৰিলক্ষিত হৈছিল। অধ্যয়নত পোৱা গৈছিল যে ১ মাইক্ৰ’গ্ৰাম/ঘনমিটাৰৰ পিএম২.৫ ৰ বৃদ্ধিৰ ফলত পুৰুষৰ ক্ষেত্ৰত চিষ্টলিক ৰক্তচাপ মাত্ৰ ০.৫২ এমএম এইচজি হে বৃদ্ধি হৈছিল। ডঃ টোনেৰ মতে এয়া পুৰুষৰ ক্ষেত্ৰত ৰক্তচাপৰ ওপৰত এই প্ৰভাৱৰ সঠিক মূল্যায়ন নহবও পাৰে কাৰণ তেওঁলোকৰ কৰ্মস্থলীত হোৱা বায়ু প্ৰদূষণৰ প্ৰভাৱ ইয়াত অন্তৰ্ভুক্ত নাছিল।

যদিও এই অধ্যয়নত যথেষ্ট সংখ্যক লোক আৰু ঘৰুৱা কাৰক অন্তৰ্ভূক্ত কৰা হৈছিল, তথাপিও অধ্যয়নত সন্নিবিষ্ট নোহোৱা অন্যান্য কাৰকৰ প্ৰভাৱৰ বিষয়ে নুই কৰিব নোৱাৰি। আনহাতে এটা দিশত এয়া এক সীমিত অধ্যয়ন কাৰণ ইয়াত বায়ু প্ৰদূষণ আৰু ৰক্তচাপৰ মাজৰ সম্পৰ্ক মাত্ৰ এটা সময়তহে পৰীক্ষা কৰা হৈছিল।

“আচলতে, আমি এই লোক সকলৰ ওপৰত কৰা অধ্যয়নটো বহু বছৰলৈ চলাই নিব বিচাৰিম আৰু পূৰ্বৰ বায়ু প্ৰদূষণে কেনেকৈ ৰক্তচাপক প্ৰভাৱিত কৰে সেয়া জানিব বিচাৰিম,” ডঃ টোনে কয়।

বায়ু প্ৰদূষণ আৰু ৰক্তচাপৰ এই সম্পৰ্কই প্ৰদূষণ ৰোধ কৰিবলৈ উচিত নীতি গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাৰ কথা প্ৰমাণ কৰিছে। কেন্দ্ৰীয়, ৰাজ্যিক, স্থানীয় আৰু ব্যক্তিগত পৰ্য্যায়ত লোৱা ব্যৱস্থাই জনস্বাস্থ্যৰ ওপৰত এক বিশেষ প্ৰভাৱ পেলাব।

Assamese
OSZAR »